শিতানসমূহ
অ-কাহিনী কিতাপ

আত্ম দীপো ভব – এখন পঠনীয় গ্ৰন্থ

✍️অনামিকা বড়া
ৰচনাকাল- ১৩ ছেপ্টেম্বৰ, ২০২০

গ্ৰন্থৰ নামঃ আত্ম দীপো ভব
লেখকৰ নামঃ হোমেন বৰগোহাঞি
প্ৰকাশনঃ ষ্টুডেণ্টচ্ ষ্ট’ৰচ
প্ৰথম প্ৰকাশঃ ডিচেম্বৰ,১৯৯৬
মূল্যঃ ১১০ টকা
মুঠ পৃষ্ঠাঃ ১৪৪

প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং- ৪/৫

প্ৰবন্ধ কিতাপ বুলিলে পঢ়ুৱৈ সমাজত হোমেন বৰগোহাঞিৰ কিতাপৰ এক বিশেষ সমাদৰ আছে। শেহতীয়াভাৱে মই পঢ়া তেখেতৰ “আত্ম দীপো ভব” কিতাপখনো তাৰ ব্যতিক্ৰম নহয়। মুঠ ২০ টা প্ৰবন্ধ সম্বলিত কিতাপখনৰ প্ৰতিটো প্ৰবন্ধই সুকীয়া বিশেষত্বৰ আৰু সুখপাঠ্য। ইয়াৰে পাঁচটি প্ৰবন্ধই মোক অতিকে বান্ধি ৰাখিলে। সেইকেইটাৰ বিষয়ে দুটামান কথা ব্যক্ত কৰাৰ মানসেৰে এই কলম তুলি লৈছোঁ।

কিতাপখনৰ সৈতে একে নামৰ প্ৰবন্ধ “আত্ম দীপো ভব” লেখকে নিজৰ সীমাবদ্ধতাৰ কথাৰে আৰম্ভ কৰিছে।তাত তেওঁ উল্লেখ কৰিছে যে, “এনেকুৱা বহুত মানুহ আছে- যিসকলে নিজৰ নিজৰ প্ৰতিভা আৱিষ্কাৰ কৰিব নোৱাৰে আৰু ফলত তেওঁলোকে আত্ম-বিশ্বাস বিচাৰি নাপায়। আত্ম বিশ্বাসৰ অভাৱত প্ৰতিভা থাকিলেও তেওঁলোকে তাৰ সদ্ব্যৱহাৰ কৰিব নোখোজে।” আত্মবিশ্বাসৰ গুৰুত্বক বুজি পাবলৈ এই বাক্যদুটিয়ে পৰ্যাপ্ত। প্ৰতিভাৰ স্বীকৃতিয়ে মানুহৰ মনলৈ অনা প্ৰেৰণাৰ কথা বৰ্ণনা কৰি লেখকে এইয়াও ফঁহিয়াই দেখুৱাইছে যে নিজৰ দৃঢ়-সংকল্প, কঠোৰ পৰিশ্ৰম শক্তি আৰু কঠোৰ অনুশাসন আত্মোৎকৰ্ষৰ বাবে কিমান প্ৰয়োজন। সেইবাবে প্ৰবন্ধটোৰ নাম “আত্ম দীপো ভব” যথাৰ্থ হৈছে।

আন এটা প্ৰবন্ধ “শ্ৰদ্ধা আৰু ভালপোৱা”ত লেখকে শ্ৰদ্ধা আৰু ভালপোৱা এই দুই অনুভৱৰ ওপৰত এনে এক সুন্দৰ আৰু যুক্তিযুক্ত আলোচনা আগবঢ়াইছে যে আবেগ-বিবেকৰ যুদ্ধত বিধস্ত লোকৰ বাবে এইটো প্ৰবন্ধ এক ভাল ঔষধ বুলিব পাৰি।পৰিস্থিতি ভেদে আৰু সম্পৰ্ক ভেদে এই দুটাৰ অগ্ৰাধিকাৰ কোনে পায় আৰু কিয় পায় তাৰো এক সংক্ষিপ্ত অথচ বুজিব পৰাকৈ বৰ্ণনা দিছে। তাত তেওঁ লিখিছে,” যি মানুহে ভালপোৱাৰ লগতে সমান পৰিমাণে শ্ৰদ্ধাও পায় তেওঁতকৈ ভাগ্যৱান মানুহ কোন আছে?”আৰু লিখিছে “যিসকল লোকে ভালপোৱাতকৈ শ্ৰদ্ধাক বেছি মূল্য দিয়ে তেওঁলোকেই সমাজৰ প্ৰকৃত মঙ্গল সাধন কৰে।” কথাষাৰৰ গুৰুত্ব বঢ়াই নক’লেও বুজিব পাৰি।

কেইবাজনো বিজ্ঞানীৰ জীৱন-দৰ্শন, উক্তি সন্নিৱিষ্ট কৰি আগবঢ়োৱা এক আলোচনা “বিজ্ঞানৰ সীমাবদ্ধতা”ই যিকোনো চিন্তাশীল মানুহকেই জোকাৰি যাব। অৱশ্যে প্ৰবন্ধটোত আৰু অলপ ব্যাখ্যাৰ থল থাকিল যেন অনুভৱ হ’ল।

“খনমাত এটা দিন” শীৰ্ষক প্ৰবন্ধটিত নগা গাঁও এখনলৈ যোৱাৰ কথা বৰ্ণনা কৰিছে যদিও প্ৰবন্ধটো ভ্ৰমণ কাহিনী হিচাপে নহৈ আন কেইটামান দিশৰ পৰাহে বেছি গুৰুত্বপূৰ্ণ। সংবাদ মাধ্যম আদিয়ে দেখুৱাই থকা হিংসা,সন্ত্ৰাস, দুৰ্নীতিৰে ভৰা নগাভূমিৰ প্ৰকৃতিৰ বুকুত যে মনুষ্যত্বৰ নীৰৱ সাধনা চলিছে তাৰেই কেইবাটাও চাক্ষুস প্ৰমাণ দাঙি ধৰিছে উক্ত প্ৰবন্ধটোত। কিমান যে ভাল ভাল অনুকৰণীয় আদৰ্শ জনমানসৰ অলক্ষিতে জী আছে ভাবিলে সুখ-দুখ মিশ্ৰিত ভাব এটাই চুই যায়।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, যিজনক অসমীয়া ভাষা সাহিত্যৰ সম্ৰাট হিচাপে পূজা কৰা হয়,সেইজন বেজবৰুৱাক লেখকে সূক্ষ্ম বিশ্লেষণ কৰিছে “লক্ষ্মীনাথ বেজবৰুৱাক মই নতুনকৈ আৱিষ্কাৰ কৰিলো” প্ৰবন্ধটোৰ পাতত। কি পৰিস্থিতিত তেওঁ বেজবৰুৱাক লৈ কেনেকৈ ভাবিছিল আৰু কেনে বাটেৰে চিন্তা কৰি তেওঁ বেজবৰুৱাক কেনেকৈ আৱিষ্কাৰ কৰিছে, সেই বিষয়ে তাত লিখা আছে। প্ৰবন্ধটোৰ জৰিয়তে কেইবাজনো বিশিষ্ট অসমীয়া ব্যক্তিৰ বিষয়ে উল্লেখ কৰাৰ লগতে অতীতৰ পৰা বৰ্তমানলৈকে অসমীয়া ভাষা সাহিত্যৰ এক চমু অথচ সাৰগৰ্ভ বিশ্লেষণ কৰিছে। তাত এষাৰ বৰ গভীৰ কথা উল্লেখ আছে, “একোটা ভাষাৰ প্ৰতিটো শব্দই একোটা বিশেষ অৰ্থ বা বক্তব্য প্ৰকাশ কৰাৰ লগতে সি শব্দটোৰ লগত জড়িত থকা অলেখ স্মৃতি, ইতিহাস আৰু ভাবানুষংগও শ্ৰোতাৰ মনলৈ সঞ্চাৰিত কৰে। সেই ভাষা কোৱা মানুহৰ বাহিৰে আনে সেই শব্দটোৰ বিশিষ্ট আবেদনৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিব নোৱাৰে।”

ওপৰত উল্লেখিত পাঁচটি প্ৰবন্ধৰ লগতে আৰু পোন্ধৰটি তত্ত্বগধুৰ প্ৰবন্ধ আছে কিতাপখনত। ‘শিষ্টাচাৰ’, ‘আত্মোৎকৰ্ষৰ সাধনা’, ‘জীৱন জয়গান’, ‘প্ৰেৰণাৰ উৎস’ আৰু ‘মানসিক ব্যায়াম’ৰ দৰে জীৱনমুখী লেখনি আৰু ‘মটৰ-চাইকেল’, ‘দাম আৰু মূল্য’, ‘দোষ আৰু শাস্তি’, ‘স্বাস্থ্য’, ‘কলেষ্টেৰল’ প্ৰভৃতি সজাগতামূলক প্ৰবন্ধই কিতাপখনিৰ গুৰুত্ব বৃদ্ধি কৰিছে। অনস্বীকাৰ্য্য যে ‘ভূগোলৰ ৰোমাঞ্চ’, ‘বাগ্মিতা’, ‘আলেকজেণ্ডাৰ আৰু ডায়োজিনিছ’, ‘পণ্ডিত বিশ্বনাথ শাস্ত্ৰী আৰু পণ্ডিত ওংকাৰনাথ ঠাকুৰ’ আৰু ‘খং নামে চণ্ডাল’ এই ভিন্নৰসী প্ৰবন্ধকেইটাও বহু কথাই শিকাই যায়,দি যায় চিন্তাৰ জোৱাৰ।

প্ৰবন্ধসমূহৰ জৰিয়তে বিভিন্ন সৰু-বৰ বিষয় সামৰি বিশ্বৰ মহান লোকসকলৰ উপমা,উদ্ধৃতিৰে জ্ঞানসাগৰলৈ পঢ়ুৱৈক লৈ যাব পৰাত লেখকৰ যি বিচক্ষণ কলম সেইয়া সঁচাই অনবদ্য। উল্লেখযোগ্য যে কিছুমান কথাৰ মূল শাহটো লেখকৰ “প্ৰজ্ঞাৰ সাধনা” কিতাপখনৰ সৈতে অলপ মিল আছে। তথাপিতো দুয়োখন নিজস্ব গুণেৰে জীৱনৰ হাতপুথি স্বৰূপ।

borahanamikaৰ দ্বাৱা

জীৱনে মৰণে মই চিৰদিন অসমীয়া

2 replies on “আত্ম দীপো ভব – এখন পঠনীয় গ্ৰন্থ”

মন্তব্য দিয়ক