শিতানসমূহ
উপন্যাস কিতাপ

দ্য ফল্ট ইন আওৱাৰ ষ্টাৰচ

✍️চিমি কোঁৱৰ
ৰচনাকাল-২৩ জুলাই, ২০২০

গ্ৰন্থৰ নামঃদ্য ফল্ট ইন আওৱাৰ ষ্টাৰচ
লেখকঃজন গ্ৰীণ
প্ৰকাশনঃ dutton books
প্ৰথম প্ৰকাশঃ১০ জুন, ২০১২
মূল্যঃ ৩৯৯ টকা
মুঠ পৃষ্ঠাঃ ৩১৩ (পি ডি এফত ১৭৩)

প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং – ৪/৫

সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি ‘দিল বেচাৰা’ৰ কাহিনীভাগ ২০১২ চনৰ ১০জানুৱাৰীত প্ৰকাশিত আমেৰিকান লেখক জন গ্ৰীণৰ দ্বাৰা ৰচিত বহুচৰ্চিত উপন্যাস ‘দ্য ফল্ট ইন আওৱাৰ ষ্টাৰচ’ ৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।চমুকৈ চাবলৈ গ’লে উপন্যাস খনৰ কাহিনীভাগ মূলত: প্ৰেমৰ যদিও এয়া সাধাৰণ প্ৰেমগাঁথা নহয় ।
উপন্যাসখনৰ নায়িকা হেজেল গ্ৰেস আৰু নায়ক আগষ্টাস ৱাটাৰচ ওৰফে গাচ দুয়ো কেন্সাৰত আক্ৰান্ত কিশোৰ কিশোৰী ।হেজেলৰ বয়স ১৬আৰু গাচৰ বয়স১৭।তেৰ বছৰ বয়সতে হেজেল আক্ৰান্ত হৈছিল হাওঁফাওঁৰ কেন্সাৰত ।গাচ আক্ৰান্ত হৈছিল osteosarcomaত যাৰ বাবে গাচৰ এখন ভৰি কাটি পেলাব লগা হৈছিল ।এখন কৃত্ৰিম ভৰিৰে গাচে চলা ফিৰা কৰিছিল ।
হেজেলে একেখন উপন্যাসকে ঘূৰাই পকাই পঢ়ি আৰু টি.ভি ৰ শ্ব’বোৰ চাই চাই আসন্ন মৃত্যুৰ কথা ভাৱি হতাশ হৈ পৰিছিল ।মাক ফ্ৰেনিয়ে তাইৰ এই হতাশা লক্ষ্য কৰি তাইক ‘কেন্সাৰ চাপৰ্ট গ্ৰুপ’লৈ যাবলৈ ক’লে য’ত তাইৰ সমবয়সীয়া কেন্সাৰ ৰোগীসকলক লগ পাই বন্ধুত্ব গঢ়াৰ সুবিধা পাব ।হেজেলে প্ৰথমে যাবলৈ অমান্তি হৈছিল যদিও পিছত যাবলৈ মান্তি হয় আৰু আগষ্টাস ৱাটাৰচ ওৰফে গাচৰ সৈতে বন্ধুত্ব গঢ় লৈ উঠে। আগষ্টাসে হেজেলক নিজৰ ঘৰলৈ নিমন্ত্ৰণ দিয়ে । দুয়োয়ে নিজৰ হবিৰ বিষয়ে কথা পাতে আৰু দুয়ো দুয়োৰে প্ৰিয় কিতাপ পঢ়িবলৈ সন্মত হয় ।সেইমতেই হেজেলে গাচক ‘An Imperial Affliction’ নামৰ উপন্যাস খন পঢ়িবলৈ দিয়ে আৰু গাচে হেজেলক ‘The Price of Dawn ‘খন পঢ়িবলৈ দিয়ে ।
‘An Imperial Affliction’ নামৰ উপন্যাসখনৰ কাহিনী টোত কাহিনীৰ নায়িকা এন্না ৰ কেঞ্চাৰত ভুগি মৃত্যু হৈছিল ।এই এন্নাৰ সৈতে হেজেলে নিজকে তুলনা কৰিছিল ।উপন্যাস খনৰ শেষৰ অংশখিনি পঢ়ি গাচ অসন্তুষ্ট হয় আৰু এই কথা হেজেলৰ আগত ব্যক্ত কৰে ।কাহিনীটো যেন আধাতে শেষ হৈ থাকিল !আধৰুৱা কাহিনীটোৱে মনত জগাই তোলা প্ৰশ্নৰ উত্তৰ বিচাৰি অৱশেষত হেজেল আৰু গাচে উপন্যাসখনৰ লেখক ভেন হাউটেনক লগ কৰিবলৈ আমষ্টাৰডামলৈ ৰাওনা হয় য’ত তেওঁলোকক সহায় কৰিছিল লেখকজনৰ এচিচটেন্ট লিডউইজে ।কিন্তু ভেন হাউটেন নামৰ লেখকজনে কাল্পনিক কাহিনী এটাৰ উত্তৰ বিচাৰি তেওঁৰ ওচৰলৈ অহাৰ বাবে হেজেলক উপহাস কৰে আৰু চিকিৎসাজনিত অৱস্থাটোক লৈ তুচ্ছ তাচ্ছিল্য কৰে । লেখকজনৰ ব্যৱহাৰত হেজেল অসন্তুষ্ট হোৱাৰ লগতে লেখকজনৰ এলক’হ’লিক ৰূপটো দেখি দুয়ো বিমুখ হয় । তাত গাচ আৰু হেজেলে ভেন হাউটেনৰ এচিচটেন্ট লিডউইজৰ লগত এন ফ্ৰেংক হাউচ দৰ্শন কৰিবলৈ যায়।আমষ্টাৰডামতে গাচ আৰু হেজেলৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে ।
পাছদিনা গাচে হেজেলক জনাই যে তাৰ জীৱনলৈ কেন্সাৰ পুনৰ উভটি আহিছে আৰু গোটেই শৰীৰত বিয়পি পৰিছে । ইণ্ডিয়ানা পলিচলৈ উভটি অহাৰ পিছত গাচৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে আৰু গাচ আই.চি.ইউত ভৰ্তি হ’ব লগা হয়। গাচে হেজেল আৰু বন্ধু ঈশ্বাকক নিজৰ প্ৰাক অন্ত্যেষ্টিক্ৰিয়ালৈ নিমন্ত্ৰণ জনায় ।হেজেলে গাচৰ সৈতে কটোৱা প্ৰতিটো ক্ষণৰ বিষয়ে সোঁৱৰে আৰু কয় যে এই অনন্ত সময় কিদৰে আন কিছুমান অসীমতাতকৈ পৃথক ! আঠদিনৰ পিছত গাচৰ মৃত্যু হয় ।হেজেল শোকত ভাগি পৰে ।অন্ত্যেষ্টিক্ৰিয়াস্থলীত লেখক ভেন হাউটেনক দেখি হেজেল আচৰিত হয় ।আচলতে মৃত্যুৰ পূৰ্বে হেজেলৰ বিষয়ে প্ৰশংসাসূচক বাণী লিখাত সহায় কৰিবলৈ গাচেই ভেন হাউটেনলৈ লিখিছিল ।
জন গ্ৰীণৰ সাৱলীল বৰ্ণনাই উপন্যাসখনৰ কাহিনীটোক অধিক শক্তিশালী ৰূপত পাঠকৰ সন্মুখত তুলি ধৰিবলৈ সক্ষম হৈছে ।হেজেল আৰু গাচৰ কাহিনীটোৱে আপোনাক শিকাব জীৱনৰ বাবে প্ৰেম কিমান মূল্যবান ..জীৱন কিমান চুটি হ’ব পাৰে ,আৰু এজন ব্যক্তিয়ে অতি সাধাৰণভাৱে জীৱন কিদৰে সলনি কৰি দিব পাৰে !হতাশা আৰু শূন্যতাৰ হাতোৰাই চেপি ধৰা এচোৱা বন্ধ্যা সময়ক অলপমান উৎসাহে কিদৰে পোহৰ কৰি তুলিব পাৰে ! সেইবাবেই বোধহয় জন গ্ৰীণৰ ‘দ্য ফল্ট ইন আওৱাৰ ষ্টাৰচ‘ নামৰ উপন্যাসখন আন বহুতো উপন্যাসতকৈ কিছু ব্যতিক্ৰম ।

borahanamikaৰ দ্বাৱা

জীৱনে মৰণে মই চিৰদিন অসমীয়া

মন্তব্য দিয়ক