শিতানসমূহ
উপন্যাস কিতাপ

পৰী পাৰবীনৰ “কুণ্ডলিনী”

✍️খনিন্দ্ৰ ভূষণ মহন্ত
ৰচনাকাল – ৩ মাৰ্চ, ২০১৮

গ্ৰন্থৰ নামঃ কুণ্ডলিনী
লেখকঃ পৰী পাৰবীন
প্ৰকাশনঃ টেকনো এড্ পাব্লিকেচন
প্ৰকাশঃ ফেব্ৰুৱাৰী, ২০১৮
মুঠ পৃষ্ঠাঃ ২২৪
মূল্যঃ ২২০ টকা

প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিংঃ ৪.৫/৫

“জীৱন তোৰ ওপৰত একোৱে অনুযোগ নাছিল কোনোদিন। সাতোটি বৰণেৰে বৰণীয়া হোৱাৰ দিনাও নতুবা আজি কুটিল বন্যতাত বনৰীয়া হোৱাৰ দিনাও তোক লৈ মোৰ আপত্তি নাই। তই মাথোঁ জী উঠাৰ পথ দেখুৱাই দে এবাৰলৈ।”

‘কুণ্ডলিনী’! ‘কুণ্ডলিনী’! ‘কুণ্ডলিনী’!…”

কাল ধুমুহাই থকা-সৰকা জীৱন এটাক দুহাতত লৈ, তিমিৰৰ ৰাজ্যলৈ গতি কৰা খোজবোৰক আদ-বাটতে ভেটা দি, সমগ্ৰ ঋণাত্মকতাত তচ-নচ কৰিব কেইজনে পাৰে? যিটো সময়ত চৌপাশে হতাশাৰ ধোঁৱাই আৱৰি ধৰে, দুগালৰ উপত্যকাত বৰষুণে মজলিচ পাতে, সেই সময়বোৰ ভেঙুচালি কৰি ৰ’দৰঙী মুকুতা দুটা দুচকুত কোনে পিন্ধি ল’ব পাৰে? এনে হাজাৰটা প্ৰশ্নৰ উত্তৰক কোনোৱে যদি একত্ৰিত ৰূপত পাব বিচাৰে, তেন্তে নিশ্চিতভাৱে পৰী পাৰবীনৰ ‘কুণ্ডলিনী’ এক উচিত নিৰ্বাচন হ’ব!

এগৰাকী নাৰীৰ জীৱন-গাথাক কেন্দ্র কৰি আৰম্ভ হোৱা কাহিনীটোত ভিন্ন-ৰসৰ সংমিশ্রণ ঘটিছে। যৌৱনৰ আলি-দোমোজাৰ অস্থিৰ অৱস্থাৰ পৰা আৰম্ভ কৰি নায়িকাৰ সুদৃঢ় জীৱনৰ খোজটোলৈকে যি সাৱলীল বর্ণনা লেখিকাই দিছে তাক কোনেও নুই কৰিব নোৱাৰে।
“……লগাৰিথিমৰ মান পাহৰি যায় তাই। কি আছিল লগ টু দ্য বেচ ই (log to the base)ৰ মান? জালিৱানবাগৰ হত্যাকাণ্ড নে পঞ্চম পৰিকল্পনাৰ লক্ষ্য? কিয়েইবা’ তাইৰ দৃষ্টি আঁতৰাব পাৰে সিপাৰৰ খিৰিকীখনৰ পৰা?”(পৃষ্ঠা নং-১০)-এই শাৰীকেইটাত প্রকাশ পাইছে নায়িকাৰ প্রেম কিম্বা আকর্ষণ। কোনো এক নির্দিষ্ট সংজ্ঞাৰে সেই সম্বন্ধক সামৰিব খোজা নাই লেখিকাই। উন্মোচনৰ সময়তে এজনে কৈছিল, ”পাৰবীনৰ কলমে কথা কয়।” সঁচাকৈ, উপন্যাসখন পঢ়ি থকাৰ পৰত মোৰ এনে লাগিছিল যেন মই এখন দীঘলীয়া চিনেমা চাই আছিলোঁ! স্কুলত পঢ়িছিলোঁ, “ভাল কিতাপ এখন পঢ়ি থাকিলে, লিখকৰ লগত আলাপ কৰি থকা যেন ভাব হয় (পুথি অধয়ন, সত্যনাথ বৰা)।” ‘কুণ্ডলিনী’য়েও সেই সোৱাদটো দিয়াত সফল হৈছে। বহু সময়ততো ঘটনাটোৰ মাজত মই নিজেই নিজক আৱিষ্কাৰ কৰিছোঁ! যেন সেই সময়ত ময়ো এটা চৰিত্রহে! চৰিত্রবোৰৰ কথা ওলাইছে যেতিয়া এটা কথা ক’বই লাগিব, উপন্যাসখনত চৰিত্রবোৰৰ প্রক্ষেপনৰ কলাই মোক বাৰুকৈ চুই গ’ল। প্রথম পৃষ্ঠাতেই নায়িকা ঈশানীৰ লগতে যিজন ল’ৰাৰ কথা উনুকিওৱা হ’ল, কাহিনীৰ প্রায় শেষ সময়তহে তেওঁৰ পৰিচয় সকলোৰে আগত ব্যক্ত কৰিছে।

উপন্যাসৰ মূল নায়িকা ঈশানীক লেখিকাই নাৰী শক্তিৰ প্রতিনিধি হিচাপে প্রক্ষেপ কৰিছে। পুৰুষপ্রধান সমাজখনত পদে-পদে লাঞ্ছিত হ’ব লগা হোৱা নাৰীৰ বিপৰীতে নিজেই নিজৰ বাট মুকলি কৰি তথা সফলতাৰ শীর্ষত আৰোহণ কৰি ঈশানীয়ে নাৰী শক্তিৰ উমান দিছে। সমাজত চলি থকা অন্যায়-ব্যভিচাৰৰ বিপক্ষে যিটো ৰূপত ঈশানীয়ে থিয় দিলে, সেয়া নিশ্চিতভাৱে প্রশংসাৰ যোগ্য।

“মা দূর্গাৰ অন্য নাম কুণ্ডলিনী”(পৃষ্ঠা নং-৭১)। যিদৰে মহিষমর্দিনীয়ে অপশক্তিক নাশ কৰিছিল, ঈশানীয়েও সেইটো কৰিব খুজিছিল। সফলো হ’ল। এসময়ত আৱেগ-বিবেকৰ যুঁজত ভাগি পৰি তাই নিজৰ ডিগ্রীৰ মার্কশ্বিতখনো ফালি পেলাইছিল যদিও উচিত সময়ত নিজকে সংযত কৰি সর্ব-ভাৰতীয় পর্যায়ৰ পৰীক্ষাত সফলতাও লাভ কৰিব পাৰিছিল। এই সময়খিনিত তাইৰ একমাত্র মূলধন আছিল আত্মবিশ্বাস আৰু গভীৰ ইচ্ছা শক্তি। সাংঘাতিক ধনাত্মক চিন্তাৰ আঁকৰ ঈশানী। “জীৱনৰ মদিৰাত এটোপাল হেঁপাহৰ নিচা যোগ কৰি, ছাইৰঙী বিষাদবোৰ বিয়োগ কৰি, সাধনাবোৰ পূৰণ কৰি আৰু ফেনাল বিষবোৰ হৰণ কৰি যি বাটচ’ৰা সাজি লৈছে বুকুৰ পৰা মগজুলৈ, সেই বাটচ’ৰাতে তাইৰ অন্তিম লক্ষ্যই তাইলৈ ৰৈ আছে।”(পৃষ্ঠা নং-১৫৯)-কথাখিনিতে এই ধাৰণাটো জলজল-পটপটকৈ ওলাই পৰিছে।

“নাৰীয়েই নাৰীৰ শত্রু”-আপ্ত বাক্যশাৰীক ‘কুণ্ডলিনী’য়ে পুনৰবাৰ প্রমাণ কৰি দিলে। কেৱল মাত্র ঈর্ষাৰ বাবেই বিশ্বাসক ভৰিৰে গচকি-মোহাৰি পেলোৱাৰ কথাও ইয়াত উল্লেখ আছে। ক্রমাগতভাৱে সপ্তদর্শী, সমুদ্র, অন্বেষা, সাহিত্য দুৱৰা, গুৰুজী, অবিনাশ, ৰাজীৱ ইত্যাদি চৰিত্রই উপন্যাসখনত ভুমুকি মাৰিলে। ওপৰে ওপৰে চাবলৈ গ’লে এই চৰিত্রবোৰ ঈশানীৰ এই দুর্গম যাত্রাৰ পৰিপূৰক যেন লাগিলেও, প্রত্যেকটো চৰিত্রৰে সুকীয়া অৱদান উপন্যাসখনত বিদ্যমান। সমুদ্রৰ আইতাকক কিছু সময়ৰ বাবেই উপস্থাপন কৰা হ’ল যদিও মৰম লাগি যাবলৈ সেইখিনিয়েই যথেষ্ট আছিল। প্রত্যেকৰে একো-একোটা নিজস্ব কাহিনী লেখিকাই অন্তর্ভুক্ত কৰিছে, যিটোৱে মূল কাহিনীটোক গতিশীলতা প্রদান কৰাত সহায় কৰিছে। ইয়াতেই লেখিকাৰ কলমৰ চাতুর্যতা সুন্দৰকৈ প্রকাশ পাইছে। ঠায়ে-ঠায়ে ব্যৱহৃত ব্যঞ্জনাবোৰে উপন্যাসখনক আন এটা মাত্রা প্রদান কৰিছে। তাৰোপৰি কাহিনীৰ যোগাত্মক পৰিসমাপ্তিয়ে উপন্যাসখনৰ ৰূপত জেউতি চৰাইছে। এক কথাত এখন সর্বাঙ্গসুন্দৰ উপন্যাস।

স্বগতোক্তিঃ কিতাপখন পঢ়াৰ সময়ত বা এই লেখাটো লিখাৰ সময় মই লেখিকাৰ কলমৰ ভক্ত হিচাপে নহয়, এজন সাধাৰণ পাঠক হিচাপেহে নিজক ৰাখিছোঁ। কথাবোৰ ক’ৰবাত মিলি গৈছে। সেই যে চাৰি বছৰৰ বাবে ঘৰৰ পৰা আঁতৰত থকা, পৰীক্ষাৰ সময়ত পঢ়া-টেবুলৰ বাদে আন কথাবোৰে চুব নোৱাৰাকৈ নিজকে একাকী কৰি ৰখা কথাটো তথা ঔম জপ কৰি লাভ কৰা প্রশান্তিখিনি…মুঠতে কিতাপখনত নিচা আছে।

সমূহ চৰিত্রৰ ভিতৰত সমুদ্রৰ চৰিত্রটো মোৰ আটাইতকৈ ভাল লাগিল। আন সকলো চৰিত্রৰে ভিন্ন ভিন্ন ৰূপ লেখিকাই প্রকাশ কৰিছে যদিও সমুদ্র অটল হৈ থকাত মোৰ বেছি ভাল লাগিল। বিশেষকৈ বন্ধুত্ব, প্রেম সকলো দিশতে থকা দায়িত্ববোধখিনি সম্পূর্ণৰূপে পালন কৰাত সি সফল হৈছে। ইফালে ঈশানী! কি প্রৱল ইচ্ছা-শক্তি! জীৱনৰ প্রতি থকা তাইৰ মতাদর্শই মন মুহিলে।

তথাপিও ক’ম, আৰম্ভণিৰ শান্ত-সমাহিত ৰূপত গৈ থকা কাহিনীটোৱে শেষৰফালে হঠাৎ কিছু অতিৰিক্ত ত্বড়িৎ গতি লোৱা মোৰ পৰিলক্ষিত হ’ল। তাৰ মাজতো অৱশ্যে ঘটনাটোৰ সোৱাদ একেই থাকিল। ইমান সুন্দৰ কথাবোৰ সন্নিবিষ্ট হৈ থকা উপন্যাসখনত দুই-এক সৰু-সৰু ভুল বানানো মোৰ চকুত পৰিল। এই অনিচ্ছাকৃত ভুলবোৰলৈ লেখিকাই আগলৈ গুৰুত্ব দিব বুলি আশা কৰিলোঁ।

লেখিকাৰ এই যাত্রাৰ শেষ নহওক কাহানিও। কলমটোৰ দায়িত্ব আৰু বাঢ়িল। এনে বহুকেইখন কুণ্ডলিনীৰ বাবে আমি ৰৈ থাকিম।

সংযোজনঃ ডিব্ৰুগড় নিবাসী লেখিকা পৰী পাৰবীনে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ‘কম্পিউটাৰ চায়েন্স’ বিভাগৰ স্নাতক ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ. ডিগ্ৰী লাভ কৰিছিল৷ বৰ্তমান, তেখেত অসম সৰ্বশিক্ষা অভিযান মিচনৰ এগৰাকী পৰিকলন বিষয়া৷

টেকনো এড্ পাব্লিকেচনে প্ৰকাশ কৰা ‘কুণ্ডলিনী’ৰ মূল্য ২২০ টকা, মুঠ পৃষ্ঠা ২২৪৷ তেখেতৰ প্ৰকাশিত আন দুখন গ্ৰন্থ হৈছে ‘শব্দৰ এলজোলামবোৰ (২০১৬) আৰু ‘বাৰাংগনাৰ জুপুৰি (২০১৯)৷

borahanamikaৰ দ্বাৱা

জীৱনে মৰণে মই চিৰদিন অসমীয়া

মন্তব্য দিয়ক