শিতানসমূহ
উপন্যাস কিতাপ

হোমেন বৰগোহাঞিৰ “নিঃসঙ্গতা”তো সঙ্গ বিচাৰি

✍️ অনামিকা বড়া
ৰচনাকাল – ২৫ জুলাই,২০২০

গ্ৰন্থৰ নামঃ নিঃসঙ্গতা
লেখকঃ হোমেন বৰগোহাঞি
প্ৰকাশনঃ ষ্টুডেণ্টচ্ ষ্ট’ৰচ
প্ৰথম প্ৰকাশঃ ডিচেম্বৰ,২০০০
মূল্যঃ ৫০ টকা
মুঠ পৃষ্ঠাঃ ১২২

প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং – ৩.৫/৫

গ্ৰাহাম গ্ৰীনে কৈছিল- “লেখাৰ কামটো হ’ল এক প্ৰকাৰৰ চিকিৎসা বা নিৰাময়-কৌশল। যিবিলাক মানুহে নিলিখে, সুৰ-সৃষ্টি নকৰে বা ছবি নাআঁকে,তেওঁলোকেনো কেনেকৈ জীৱনৰ উন্মাদনা, বিষাদগ্ৰস্ততা আৰু আতঙ্ক-সঞ্চাৰী ভয়ৰ পৰা পৰিত্ৰাণ পাব পাৰে সেই কথা ভাবি মই অতিকৈ আচৰিত হওঁ।” ~ বাক্যশাৰী পঢ়িবলৈ পালোঁ হোমেন বৰগোহাঞিৰ উপন্যাস এখনত। পাঠকক নিজৰ বিচক্ষণ কলমেৰে ধৰি ৰখা, হোমেন বৰগোহাঞিৰ কিতাপসমূহৰ অন্যতম বৈশিষ্ট্য। অলপতে উল্লেখ কৰা উপন্যাসখনো তেনে এখন কিতাপ; “নিঃসঙ্গতা” । বিশ্বাসঘাটকতা,নিৰাশা, হতাশা,দুখ প্ৰভৃতি প্ৰবৃত্তিবোৰ আমাৰ প্ৰত্যেকৰে জীৱনত এবাৰ নহয় এবাৰ আহেই। মাথোঁ আমি সেইসমূহক ইতিবাচকভাৱে লৈ,সমস্যাৰ সন্মুখীন হৈ,মানসিক শক্তিৰে মোকাবিলা কৰি জীৱনটোক উদযাপন কৰিবলৈ জানিব লাগে,শিকিব লাগে। কিতাপখনে তেনে এক বাৰ্তাকে সমাজলৈ প্ৰেৰণ কৰিছে যেন মোৰ অনুভৱ হয়।


এগৰাকী বড়ো মহিলা, অনুপমা বসুমতাৰীৰ জীৱন গাঁথা বৰ্ণিত নিঃসঙ্গতা কিতাপখনৰ সমগ্ৰ চিত্ৰপট লেখক আৰু অনুপমাৰ মাজতেই অংকিত।অনুপমাৰ কবিতাবোৰত লেখকে এক জীৱন দৰ্শন অনুভৱ কৰি অনুপমাৰ জীৱনক লৈ এখন উপন্যাস লিখাৰ মানসেৰে অনুপমাৰ সৈতে কথা পাতে।সেই কথোপকথনেই “নিঃসঙ্গতা”, যʼত এখন কিতাপ লিখাৰ আগত লেখকে কৰিবলগীয়া পৰিকল্পনা, সংগ্ৰাম তথা আনৰ জীৱন কাহিনী লিখিবলৈ গৈ লেখকৰ উদ্ভৱ হোৱা বিব্ৰতবোধ, অসুবিধাৰো প্ৰতিফলন ঘটিছে। কিতাপখনত গদ্যৰ মাজে মাজে আছে অনুপমাৰ কবিতাসমূহ,যিসমূহত প্ৰতিফলিত হৈছে কবিৰ জীৱন দৰ্শন । জীৱন নামৰ দৈত্যটোৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ কৌশল নিজৰ বুদ্ধিৰেই উলিওৱা অনুপমাৰ ব্যক্তিত্বৰ নিদৰ্শন কিতাপখনৰ শক্তিশালী দিশ। কিতাপখনৰ কাহিনীটো এটা নহৈ কেইবাটাও সৰু সৰু খণ্ডচিত্ৰৰ সমষ্টি বুলিলে ভাল হ’ব আৰু সেইবাবেই ভিন্ন দৃষ্টিকোণেৰে ভিন্ন শিক্ষা লাভ কৰিব পাৰি। লগতে কবিতাৰ জৰিয়তে জীৱনৰ ছবি অঁকা অনুপমাই যেন আৰম্ভণিতে উদ্ধৃতি দিয়া গ্ৰাহাম গ্ৰীনৰ কথাষাৰৰে সত্যতা প্ৰতিপন্ন কৰিছে।

কিতাপখনৰ কেইবাটাও প্ৰভাৱশালী বাক্যৰ পৰা কেইটামান উদ্ধৃতি –
* “ৰূপ-চৰ্চা আৰু অংগৰাগে মানুহৰ মুখৰ চেহেৰা সলনি কৰাত বা আকৰ্ষণ বৃদ্ধি কৰাত যিমান ডাঙৰ ভূমিকা লয়, ঠিক সেইটো কৰাত তাতোকৈ বহুত বেছি ডাঙৰ ভূমিকা লয় মানুহৰ খ্যাতি, প্ৰতিভা আৰু ব্যক্তিত্বই।”
* “জীৱনটোক সহনীয় কৰাৰ বহুতো উপায়ৰ ভিতৰত এটা প্ৰধান উপায় হ’ল জীৱনৰ সুখ-দুখ আনন্দ-বেদনাৰ সকলো অভিজ্ঞতাক কলা-কৃষ্টিৰ উপাদানত পৰিণত কৰা।”
* “নিৰ্মম বাস্তৱৰ পৰা পলাই আত্মৰক্ষা কৰিবলৈ মানুহৰ কাৰণে খোলা থকা কেইবাটাও পথৰ ভিতৰত দুটা সহজে ল’ব পৰা পথ হ’ল ভৱিষ্যতৰ বিষয়ে মধুৰ দিবা-স্বপ্ন দেখা বা অতীতৰ মধুৰ স্মৃতিৰ জগতত আশ্ৰয় লোৱা।”
* “আনক সুখী কৰাতকৈ বেছি সুখকৰ অভিজ্ঞতা মানুহৰ জীৱনত খুব কমেইহে হয়। ধ্বনিৰ প্ৰতিধ্বনি দূৰৰ পাহাৰত ঠেকা খাই ঘূৰি অহাৰ নিচিনাকৈ সুখো পাওঁতাজনৰ হৃদয়ত ঠেকা খাই ঘূৰি আহে দিওঁতাজনৰ হৃদয়লৈ।”
* “সম্পূৰ্ণ নিৰ্জনতা আৰু নীৰৱতাৰ মাজত নিজৰ মুখামুখি হোৱা মানেই জীৱনৰ অৰ্থ আৰু উদ্দেশ্য সম্পৰ্কে নানা জটিল প্ৰশ্নৰ সন্মুখীন হোৱা; জীৱনৰ ভাল-বেয়া সকলো অভিজ্ঞতাৰে অসাৰতা আৰু ক্ষণস্থায়িত্ব উপলব্ধি কৰা; মাজে মাজে মৃত্যুৰ দূৰাগত পদধ্বনি শুনি গোপনে আতংকিত হোৱা।”
* “আচলতে নিজৰ বিষয়ে জনা আৰু আনৰ বিষয়ে জনা লগ লগাইহে মানুহে জীৱন সম্পৰ্কে এটা মোটামুটি ধাৰণা কৰিব পাৰে।”
* “এশবছৰ সময় পালেও কোনো মানুহকে কোনেও সম্পূৰ্ণভাৱে আৱিষ্কাৰ কৰিব নোৱাৰে।”
* “মানুহৰ মৃত্যুৰ আগতে আশাৰ কেতিয়াও মৃত্যু নহয়। চেতন মনেৰে আশা কৰিবলৈ এৰিলেও মানুহে আমৃত্যু অবচেতন মনত আশা কঢ়িয়াই লৈ ফুৰে।”
* “নমৰালৈকে মানুহ জীয়াই থাকে বা থকা উচিত। জীৱনৰ প্ৰতি মোৰ উদ্যম আৰু উৎসাহ ইমান কম নহয় যে দুৰ্ভাগ্যক অতিক্ৰম কৰিব নোৱাৰিম।পৃথিৱীখনো ইমান সংকীৰ্ণ নহয় যে জীৱনৰ সামান্য ক্ষতি বা সংঘাতৰ প্ৰভাৱ মোৰ বাবে ইমান মাৰাত্মক হৈ পৰিব।বৰং জীৱনৰ প্ৰতিটো আঘাতে মোক অধিক উদ্যমী আৰু সাহসী কৰি তুলিছে।”
* “যন্ত্ৰণাক গানলৈ,কবিতালৈ,ছবিলৈ- যিকোনো শিল্পসৃষ্টিলৈ ৰূপান্তৰিত কৰিব পাৰিলে সি আপোনা-আপুনি লাঘৱ হৈ পৰে।”

borahanamikaৰ দ্বাৱা

জীৱনে মৰণে মই চিৰদিন অসমীয়া

One reply on “হোমেন বৰগোহাঞিৰ “নিঃসঙ্গতা”তো সঙ্গ বিচাৰি”

মন্তব্য দিয়ক