✍প্ৰিয়াংকুশ ডেকা
ৰচনাকাল-৩০ জুন, ২০১৯
গ্ৰন্থৰ নামঃ মোৰো এটা সপোন আছে
লেখকঃ ৰুবুল মাউত
প্ৰকাশনঃ পূৰ্বায়ণ প্ৰকাশন
প্ৰথম প্ৰকাশঃ অক্টোবৰ, ২০১৭
মূল্যঃ ১৬০ টকা
মুঠ পৃষ্ঠাঃ ১৫৭
প্ৰবন্ধ লিখোতাৰ দৃষ্টিত ৰেটিং- ৫/৫
এখন সুন্দৰ আৰু অৰ্থৱহ বেটুপাতৰ কিতাপখন ওপৰে-ওপৰে চাই দেখিছিলোঁ, ইয়াত ৰুবুল মাউত নামৰ যুৱকজনে কঠোৰ সংগ্ৰামৰ মাজেৰে আমেৰিকাৰ মাচাছ্যুচেটচ্ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ কাহিনী বৰ্ণনা আছে। কিতাপখন প্ৰেৰণাদায়ী হ’ব বুলি পূৰ্বানুমান কৰিছিলোঁ যদিও ভবা নাছিলোঁ যে মোৰ মনত কিতাপখনে গভীৰ প্ৰভাৱ পেলাব পাৰিব।
জীৱনত সৰু সৰু বহুত সপোন দেখিছিল ৰুবুল মাউতে। বহু সপোনেই তেওঁৰ বাবে, তেওঁৰ দৰে মানুহৰ বাবে প্ৰায় সাধ্যৰ বাহিৰত আছিল। কিন্তু ৰুবুল মাউতে নিজেই সেই ধাৰণাক ভুল প্ৰতিপন্ন কৰিছিল। এঢাপ এঢাপকৈ তেওঁ প্ৰতিটো সৰু সৰু সপোন পূৰণ কৰিলে আৰু আজি এই পৰ্য্যায়ত উপনীত হ’লগৈ। সম্প্ৰতি আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত গৱেষণাৰত ৰুবুল মাউতে জিনীয় গৱেষণাৰ ক্ষেত্ৰখনত উল্লেখনীয় সাফল্য লাভ কৰিবলৈও সক্ষম হৈছে। মন কৰিবলগীয়া যে শৈশৱৰ পৰা জীৱনত বাধা-বিঘিনিৰ শেষ নাথাকিলেও তেওঁৰ শৈক্ষিক জীৱনৰ সাফল্যসমূহ আছিল নিখুঁত। প্ৰতিটো পৰীক্ষাই তেওঁ কঠোৰ পৰিশ্ৰম কৰি আত্মবিশ্বাসেৰে অৱতীৰ্ণ হৈছিল আৰু ভবাধৰণেই সাফল্য লাভ কৰিছিল। কিতাপখন পঢ়ি থাকিলে এনে লাগে যেন তেওঁৰ বাবে কোনো প্ৰতিৱন্ধকতাই স্থিৰ হৈ বাট ভেটিব পৰা নাই। কিন্তু তেওঁৰ পৰিশ্ৰমৰ মাত্ৰা দেখিলেহে বুজা যায় যে প্ৰকৃতাৰ্থত অধ্যৱসায়নো কি বা আন বহুতেই ভবাধৰণে সফলতা নোপোৱাৰ হেঙাৰনো কি।
নিজৰ জীৱনত প্ৰতিষ্ঠা লাভ নকৰাৰ পৰ্য্যায়লৈ তেওঁৰ ভৱিষ্যতটো অনিশ্চিত আৰু শংকাপূৰ্ণ হৈ আছিল যদিও এতিয়া পঢ়ুৱৈৰ দৃষ্টিৰে তেওঁৰ জীৱনটো আলোকপাত কৰিলে এটা সুন্দৰ নিষ্কন্টক ঊৰ্ধ্বমুখী জীৱনযাত্ৰাহে পৰিলক্ষিত হয়। কিতাপখন তেওঁ ইমান সাৱলীল বৰ্ণনাৰে লিখিছে যে আমি সকলোৱেই তেওঁৰ উচ্চতা চুব পাৰিম যেন অনুভৱ হয়। আমি অধিকাংশ লোকৰেই আৰ্থিক স্থিতিতকৈ অতি কৰুণ স্থিতিৰ পৰা তেওঁ উঠি আহিছে, অথচ তেওঁ সপোনৰ পিঠিৰে বগুৱা বাই বহুদূৰ আগুৱাই গ’ল। ৰুবুল মাউতে প্ৰতিটো পৰীক্ষাতে একেবাৰতে উত্তীৰ্ণ হৈছিল কেনেকৈ? মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰীক্ষাত ভাল ফলাফল, নেটত ভাল ফলাফল, টি আই এফ আৰৰ ইন্টাৰভিউত যোগ্য প্ৰাৰ্থীৰূপে বিবেচিত হোৱা, একে বহাতে জি আৰ ইত উত্তীৰ্ণ হোৱা- গোটেইবোৰ যেন তেওঁৰ সাধনা, কঠোৰ পৰিশ্ৰমৰ ওচৰত নগণ্য হৈ গৈছিল। হয়তো আমি নিজকে সুধি চালে উপলব্ধি কৰিম যে আমি বহুতেই তেওঁৰ দৰে নিজৰ লক্ষ্যত উপনীত নোহোৱাৰ কাৰণ আমি নিজেই। আমাৰ কেইজনেনো তেখেতৰ নিচিনা তীব্ৰ সাধনা কৰে? আচলতে অধিকাংশ লোকেই সপোন-আশাবোৰহে মনৰ মাজত লৈ ফুৰে, কিন্তু সেই সপোনে দাবী কৰা সাধনা খুব কম লোকেইহে কৰে।
মোৰ দৰে নিশ্চয় এনেকুৱা মানসিকতাৰ লোকো আছে যে শিক্ষাব্যৱস্থাটোৰ প্ৰতিয়েই কোনোধৰণৰ আস্থা বা শ্ৰদ্ধাৰ ভাৱ নাই। হয়তো এই দৃষ্টিভংগীয়েও বহুতৰ পঢ়াৰ জোৰ বা সাধনাৰ জোৰটো কমাই দিব পাৰে। ৰুবুল মাউতে নিজেও মাজতে এনেকুৱা চিন্তাৰ মুখামুখি হৈছিল যে কেৱল পৰীক্ষাৰ বাবেই ইমান খৰছী মাৰি, মুখস্থ কৰি হ’লেও পঢ়ি থকাৰ লাভটোনো কি? তেওঁ কিতাপখনত সততাৰে নিজৰ যুক্তিটো উপস্থাপন কৰিছে। তেওঁ এনে এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল যে নিজৰ সংস্থাপনৰ বাবে বা ঘৰখনক চম্ভালিবৰ বাবেই ভালদৰে পঢ়াৰ প্ৰয়োজন আছিল। গতিকে তেওঁ পঢ়া-শুনাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰিব নোৱাৰে। এতিয়া ময়ো বিশ্বাস কৰোঁ যে যেতিয়ালৈকে পৰীক্ষাকেন্দ্ৰীক শিক্ষাব্যৱস্থাটো সলনি নহয়, নিজৰ আৰু চৌদিশৰ সমাজখনৰ কথা চিন্তা কৰিয়েই আমিও ভালদৰে, গাধ-খাটনি দি হ’লেও পঢ়া উচিত। আশা কৰিম যে অদূৰ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ যোগ্যতা নিৰূপণ কৰিবলৈ এনে কৰাৰ প্ৰয়োজন নহ’ব।”
লেখকৰ কাহিনীৰ আন বহুকেইটা দিশ মন কৰিবলগীয়া । তেওঁৰ এটা অনুভূতিপ্ৰৱণ সংবেদনশীল মন আছে আৰু তাক শব্দৰে সঠিকভাৱে ফুটাই তোলাৰো সামৰ্থ আছে। সেইবাবেই কিতাপখনত তেওঁৰ জীৱন-কাহিনীয়ে প্ৰাণ পাই উঠিছে। মাক-দেউতাকৰ প্ৰতি থকা তেওঁৰ মৰম আৰু দায়িত্ববোধৰ পৰিচয়ো স্পষ্টভাৱে ফুটি উঠিছে। বহু কষ্টেৰে ডাঙৰ-দীঘল কৰা দেউতাকে চুবুৰীয়াৰ কথা শুনি এসময়ত আশংকা কৰিবলৈ ধৰিছিল যে পাখি গজাৰ পিছতে সঁজাৰ পখী উৰি যাব নেকি? অৰ্থাৎ নিজৰ সংস্থাপনৰ যোগাৰ হ’লেই ৰুবুলেও গাঁৱৰ ঘৰখনৰ কথা, মাক-বাপেকৰ কথা পাহৰি যাব নেকি? অৱশ্যে ৰুবুল মাউতে দেউতাকৰ এইসমূহ আশংকা সম্পূৰ্ণ অমূলক বুলি প্ৰতিপন্ন কৰিছিল। পৰৱৰ্তী সময়ত দেউতাকৰ দুৰাৰোগ্য ৰোগ নিৰাময়ৰ বাবে তেওঁৰ দায়িত্ববোধ আৰু প্ৰচেষ্টাও শলাগিবলগীয়া।
নিজৰ কষ্ট-সাধনাৰে দেশ-বিদেশৰ উচ্চ অনুষ্ঠানত অধ্যয়নৰ সুবিধা লাভ কৰা অসমীয়া একেবাৰে কম বুলিব নোৱাৰি। ইয়াৰ মাজত ৰুবুল মাউতৰ নিচিনা যথেষ্ট সংগ্ৰামৰ মাজেৰে প্ৰতিষ্ঠিত হোৱাও নিশ্চয় আন দুই-এজন ওলাব, কিন্তু নিজৰ উত্থানৰ কাহিনী ইমান সুন্দৰকৈ পূৰ্বে কোনো অসমীয়াই লিখা নাছিল। পূৰ্বে এনেকু্ৱা সংগ্ৰাম কাহিনী পঢ়িছিলোঁ লিংকন, বুকাৰ ৱাশ্বিংটন, কালাম আদি লোকসকলৰহে। কিন্তু অসমৰ মাটি-পানীতে ডাঙৰ-দীঘল হৈ প্ৰতিষ্ঠিত হোৱা আৰু আজিৰ যুগৰে ব্যক্তি হিচাপে ৰুবুল মাউতৰ কাহিনীয়ে সকলোকে অনুপ্ৰেৰণা যোগোৱাৰ লগতে এটা ভাল উদাহৰণ হিচাপেও থিয় দিছে। সেইবাবে মোৰ দৃষ্টিত আজিৰ প্ৰজন্মৰ প্ৰতিগৰাকী অসমীয়াই এই কিতাপখন পঢ়া উচিত। অসমক এনে বহু ৰুবুল মাউতৰ প্ৰয়োজন আছে।
(কিতাপখনত এটাই অভাৱ দেখিলোঁ যে লেখকে তেওঁৰ জীৱন-কাহিনী ব্যাখ্যা কৰোতে কোনো চনৰ উল্লেখ কৰা নাই। ঘটনাসমূহৰ চন প্ৰকাশ কৰিলে কাহিনীটোৱে আৰু অধিক স্পষ্ট ৰূপ পালেহেঁতেন। হয়তো কিবা কাৰণত তেওঁ নিজেই সময়সমূহ উল্লেখ কৰিবলৈ অনিচ্ছুক আছিল। ৰুবুল মাউতে লিখা “ধূসৰতাত সংহত শ্ৰৱণ” নামৰ গল্প সংকলন এখনো ইতিমধ্যে প্ৰকাশ পাইছে।)
বিঃদ্ৰঃ প্ৰবন্ধ লিখোতাৰ কলমত কিতাপখনৰ কাহিনীটোৰ সবিশেষ “ৰুবুল মাউতৰ সংগ্ৰাম“ত পঢ়িবলৈ পাব।
কিতাপখনৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াতপঢ়িব পাৰিব। ৰুবুল মাউতৰ বিষয়েও এটি প্ৰবন্ধ ৱিকিপিডিয়াত আছে।